ওদালগুৰি, ১৫ অক্টোবৰ (হি.স.): ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছিত যোৱাকালি শনিবাৰে আবেলি খাদ্যত বিষক্ৰিয়া ঘটি একেটা পৰিয়ালৰ ৬ জন লোক আক্ৰান্ত হয়। বিষাক্ত কাঠফুলা সেৱন কৰাৰ ফলতে গুৰুতৰভাবে অসুস্থ হৈ পৰে একে পৰিয়ালৰ ৬জন সদস্য ।
অসুস্থ পৰিয়ালৰ আটাই কেইজন সদস্যক ডিমাকুছি আদৰ্শ প্ৰাথমিক চিকিৎ্সালয়ত ভৰ্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। অসুস্থ কেইজনৰ নাম ক্ৰমে প্ৰীতম কৰ্মকাৰ (১৬), ৰুক্মিণী ওৰাং (৪০), মনি কৰ্মকাৰ (১৪), প্ৰিয়ংকা কৰ্মকাৰ (৩০), কৰ্মকাৰ (২৭) আৰু প্ৰদীপ কৰ্মকাৰ (৫৫) বুলি জানিব পৰা গৈছে ৷ লোক কেইজনৰ ঘৰ ডিমাকুছিৰ সোনাজুলিত ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
