
দক্ষিণ শালমাৰা মানকাচৰ, ১২ আগষ্ট (হি.স.): ভাৰত বাংলাদেশ সীমান্ত অঞ্চল দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত কালিৰ আলগা আৰু কোকৰাডাংঙাত এতিয়াও অব্যাহত আছে ব্যাপক গৰাখহনীয়া। কালিৰ আলগা আৰু কোকৰাডাংঙাত ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়াৰ ফলত সীমান্ত পথ যিকোনো মূহুৰ্তত বিধ্বস্ত হোৱাৰ সম্ভাৱনা দেখা দিছে। এই সন্দৰ্ভত জিলা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰেজ্জা সেখে কয় যে অকল জিও বেগ আৰু চিমেণ্টৰ খুটিৰে গৰাখহনীয়া প্ৰতিৰোধ কৰা সম্ভৱ নহয়।
উক্ত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ কেবাজনো মন্ত্ৰী আহিল কিন্তু স্থায়ীভাৱে প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আছুৰ সভাপতি জনে মন্তব্য কৰে। এই গৰাখহনীয়া অঞ্চলটো প্ৰতিৰোধৰ বাবে জিলা জল সম্পদ বিভাগে অকল জিও বেগ আৰু চিমেণ্টৰ খুটি ব্যৱহাৰ কৰি আছে। কিন্তু এনে পদ্ধতিৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰা সম্ভৱ নহয় বুলি কয় । গৰা খহনীয়া প্ৰতিৰোধ কৰিবলৈ হ’লে বল্ডাৰৰ ব্যৱস্থা কৰিব লাগিব তেতিয়াহে গৰাখহনীয়া প্ৰতিৰোধ কৰা সম্ভৱ বুলি মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
