বৰপেটা, ১৭ অক্টোবৰ (হি স)। বৰপেটাৰ সৰভোগত অৱস্থিত বৰনগৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সোমবাৰে নিশা শংকৰ চন্দ্ৰ দাস সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানত সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাই প্ৰৱৰ্তন কৰা সহ অভিনয়ৰ প্ৰত্যাহ্বানৰ আধাৰত ৰচিত ”ইস্ ইস্ আস্ আস্” নামৰ নাটখনত অভিনয় কৰে ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
নিতুল কুমাৰ মেধিৰ ৰচনা আৰু পৰিচালনা আৰু পাঠশালাৰ নাট মণ্ডলে প্ৰযোজনা কৰা নাটখনত অসম চৰকাৰৰ পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অভিনয় চাই আপ্লুত হৈ পৰে দৰ্শক ৷ মন্ত্ৰীগৰাকীৰ সৈতে অসম সৌৰভ কৃষ্ণ ৰয়েও নাটখনত অংশ লয় ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
