
গোলাঘাট, ০৫ নৱেম্বৰ (হি.স.)। প্ৰাণ শিল্পীগৰাকীয়ে আমাক এৰি যোৱাৰ ৪৭ দিন ওকলি যোৱাৰ পিছত এতিয়াও ন্যায়ৰ বাবে সমগ্ৰ ৰাজ্যবাসীয়ে দাবী জনায় আছে। সকলোৱে এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত আছে। সকলোকে সহায় কৰা ন্যায় দিয়া জুবিন গাৰ্গৰ বাবে আজি ন্যায় বিচাৰিছে বিভিন্নজনে বিভিন্ন ধৰণে। কোনোবাই সামাজিক মাধ্যমেৰে, কোনোবাই চিত্ৰাংকন কৰি তথা কোনোবাই কবিতা তথা গানৰ মাধ্যমেৰে।
কিন্তু বোকাখাতৰ পৰা জুবিন ক্ষেত্ৰলৈ একেলেথাৰিকৈ দৌৰ দৌৰি আহি প্ৰাণৰ শিল্পীগৰাকীৰ বাবে ন্যায় খুজি বোকাখাটৰ কুৰুৱাবাহীৰ যুৱক দ্বীপজ্যোতি দাসে। জুবিন গাৰ্গৰ প্ৰতি অকৃত্ৰিম ভালপোৱাৰ ই এক অনন্য নিদৰ্শন। বোকাখাটৰ কুৰুৱাবাহীৰ পৰা দৌৰি দৌৰি আহি আজি জুবিন ক্ষেত্ৰ পালে
দ্বীপজ্যোতি দাসে। কালি পুৱা আঠ বজাত আৰম্ভ কৰা যাত্ৰা আজি আবেলি ৩-৩০ মিনিটত জুবিন ক্ষেত্ৰত সামৰণি পেলায়।
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে দ্বীপজ্যোতি দাসে অবিৰতভাৱে এনেদৰে দৌৰা বুলি জানিবলৈ দিয়ে। আনহাতে জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলিও ৰোপণ কৰে যুৱকগৰাকীয়ে। অকালতে প্ৰাণৰ শিল্পীগৰাকীয়ে অসমবাসীক তথা সমগ্ৰ বিশ্বত থকা তেওঁৰ গুণমুগ্ধক এৰি যোৱাৰ দুখে আজিও হেচা মাৰি ধৰে সকলোকে। সেয়েহে আজিও ভিন্ন বয়সৰ লোকে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে প্ৰায় সকলোলোকে হঠাতে ফেকুৰি উঠা দেখা যায়। চকুপানী যেন বন্ধ হোৱাৰ নামেই নলয়। সকলোৰে এতিয়া মাত্ৰ এটায়ে দাবী প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিবয় লাগিব। দোষীয়ে কঠোৰতম শাস্তি পাবয়ে। লাগিব। সেয়া নোপোৱালৈকে ন্যায়ৰ বাবে যুজ অব্যাহত ৰাখিব সকলো জুবিন প্ৰেমী অসমীয়াই।
হিন্দুস্থান সমাচাৰ / Narayan Kar
