
লক্ষিমপুৰ, ২০ অক্টোবৰ (হি.স.): মৰমৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ এমহীয়া আদ্যশ্ৰাদ্ধ যোৱা কালি দেওবাৰে বিয়লিৰে পৰা বিহপুৰীয়া নগৰৰ মাজ মজিয়াত অনুষ্ঠিত হয় ৷ বিহপুৰীয়াৰ “নৱ অসমীয়া“ সংস্থাৰ দ্বাৰা আয়োজিত আদ্যশ্ৰাদ্ধত জুবিনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ , বন্তি প্ৰজ্বলন কৰা হয় ৷
অনুষ্ঠানত বহুসংখ্যক ন পুৰণি শিল্পীয়ে জুবিনৰ গীত পৰিবেশন কৰি, জুবিনৰ ওপৰত বক্ত্যব্য ৰাখি শ্ৰদ্ধা জ্ঞাপন কৰে ৷ অনুষ্ঠানৰ শেষত জুবিনৰ মৃত্যুৰ নায়িক তদন্তৰ লগতে জুবিনক অমৰত্ব প্ৰদানৰ হেতু এগৰাকী চিকিৎসক সহ আন এগৰাকীয়ে মুণ্ডণ কৰে ৷ নিজৰ পিতৃক হেৰুওৱাৰ দৰে বিহপুৰীয়াৰ ইছলামপুৰ ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ মৃন্ময় হাজৰিকা, অসম গণ পৰিষদৰ বিহপুৰীয়া বিধান সভা সমষ্টি কমিতিৰ সম্পাদক অসীম জ্যোতি ফুকনে মুণ্ডণ কৰি বিহপুৰীয়াত আলোড়ন সৃষ্টি কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
