বিশ্বনাথ, ১১ নৱেম্বৰ (হি.স.): বিগত বৰ্ষৰ দৰে এইবছৰো বিশ্বনাথৰ ঘিলাধাৰী চাহ বাগিছাত শ্ৰীশ্ৰীশ্যামাপুজা উদযাপন কৰ হ’ব ৷ তদুপলক্ষে প্ৰস্তুতিও প্ৰায় সম্পুৰ্ণ হৈ উঠিছে ৷ অহা ১২ আৰু ১৩ নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মাংগলিক নীতি বিধিৰ মাজেৰে পুজা পৰ্ব সম্পন্ন কৰা হ’ব ৷
পুজাৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে আয়োজক সমিতিয়ে ৷ বিভিন্ন গীতনৃত্যৰ লগতে কণ্ঠশিল্পী যুটিকা বৰুৱা আৰু কৃষ্ণ নাগে গীতৰ শৰাই আগবঢ়াব ৷ সেয়েহে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তা সকলে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
