
ধুবুৰী, ২৫ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱা কালি বুধবাৰে বিয়লি সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। ৰে’ল ষ্টেচনত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎপৃষ্ট হৈ এজন স্কুলীয়া ছাত্ৰৰ কৰুণ মৃত্যু হয় ।
ৰে’ল ষ্টেচনত ৰখাই থোৱা মালবাহী ট্ৰেইনৰ ওপৰত উঠি ৰীল বনাবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ ছিটিকি পৰে ছাত্ৰ জন।ছাত্ৰ জন বিলাসীপাৰা চহৰৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা বদৰুল হকৰ পুত্ৰ চোয়েল হক বুলি জানিব পৰা গৈছে।চোয়েল হক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল । ছাত্ৰজনৰ অকাল মৃত্যুত অঞ্চলটোত চাঞ্চল্যৰ লগতে শোক ছাঁ পৰিছে। আনহাতে ৰে’ল বিভাগৰ গাফিলতিৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ আনিলে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
