
ধুবুৰী, ১০ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰা থানাৰ অন্তৰ্গত বাঙ্গালী পাৰা প্ৰথম খণ্ড গাঁৱৰ ৰহিমুল ইচ্ছলাম নামৰ লোকজনৰ পত্নী সাৰ্জিনা বেগম (২০) সন্ধানহীন হৈ আছে। মহিলাগৰাকীয়ে সাতমহীয়া কেচুঁৱা সন্তানটিকো লগত লৈ গৈছে।
ইফালে স্বামী ৰহিমুলে সাংবাদ মাধ্যমক জনোৱামতে, স্বামী ঘৰত নথকাৰ সুযোগলৈ ঘৰৰ শ্বোকেজ ভাঙি ৭৫ হেজাৰ টকা লগতে আ-অলঙ্কাৰ আদি লৈ অচিনাকি এজন ব্যক্তিৰ লগত ৰঙা ৰঙৰ পালছাৰ বাইকত উঠি গুচি যায় । এতিয়ালৈকে কোনো শুংসূত্ৰ পোৱা নাই। ইতিমধ্যো স্বামী ৰহিমুলে ঘটনাৰ সংক্ৰান্তত বিলাসীপাৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।
ইয়াকে লৈ চিন্তিত হৈ পৰিছে স্বামী ৰহিমুলে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিওঁ এতিয়ালৈকে সন্ধান উলিয়াৱ পৰা নাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
