তামুলপুৰ, ১৭ ছেপ্টেম্বৰ (হি.স.)। বিটিচি নিৰ্বাচনত আন আন দলসমূহৰ দৰেই তৃণমূল কংগ্ৰেছেও প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে। বিটিচিৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত টিএমচি দলে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তৰুণ বিশ্বাসৰ হৈ ২ নং ডোঙাৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় টিএমচিৰ নেত্ৰী সুস্মিতা দেৱে।
সমষ্টিটোত টিএমচ দলে বিপুল সঁহাৰি লাভ কৰা বুলি দাবী কৰে সুস্মিতা দেৱে। নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰাই মুখ্যমন্ত্ৰীক কটাক্ষ কৰি সুস্মিতা দেৱে উল্লেখ কৰে যে আজি কোকৰাঝাৰৰ লোকে উন্নত চিকিৎসাৰ বাবে যাব লাগে পশ্চিমবংগ লৈ। কাৰণ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য সেৱাৰ নামত কৰিব পৰা নাই উন্নতি। ইয়াত বিজেপি, ইউপিপিএল আৰু বিপিএফ তিনিওটা ভাই ভাই বুলিও আখ্য়া দিয়ে সুস্মিতা দেৱে। আনহাতে বিটিচিত চৰকাৰ যি দলেই গঠন নকৰক কিয়, টিএমচিৰ প্ৰয়োজন হ’বই বুলিও তেওঁ দাবী কৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
