চিৰাং, ১৫ নৱেম্বৰ (হি.স.): চিৰাং জিলাৰ বিজনীৰ বিষ্ণুপুৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ পৰিলক্ষিত হৈছে । বনৰীয়া হাতীক খেদিবলৈ বনকৰ্মীয়ে অভিযান চলায়। বিষ্ণুপুৰৰ ২নং চিকাঝোৰা অঞ্চলত বিচৰণ কৰে হাতী। বনৰীয়া হাতীক খেদি খেদি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পঠিয়াবলৈ বিষ্ণুপুৰ ফৰেষ্টৰ বনকৰ্মী সকলে অভিযান চলাইছে।
খাদ্যৰ সন্ধানত মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া হাতী ওলাই আহি বিজনীৰ উত্তৰাঞ্চল ২নং চিকাঝোৰা গাঁৱৰ ঘন জংঘলৰ ভিতৰত সোমাই যায়।ৰাইজে ৰাতিপুৱা প্ৰত্যক্ষ কৰে এটা হাতী। তাৰ পাছতে ৰাতিপুৱা উপস্থিত হয় বনকৰ্মীৰ দল। কিন্তু এতিয়ালৈ উভতাই পঠিয়াব পৰা নাই হাতীটোক। গাঁৱৰ ৰাইজৰ সন্দেহ যে হাতীটো যোৱা ২দিন ধৰি এই জংঘলতে আশ্ৰয় লৈ আছিল কিন্তু কোনেও গম পোৱা নাছিল। আজি ৰাতিপুৱা গাঁৱৰ ৰাইজে পথাৰত কাম কৰিবলৈ গৈ প্ৰত্যক্ষ কৰে এই হাতীটোক। তাৰ পাছতে লাগিল হুৱা দুৱা। ৰাইজে বনকৰ্মীক খবৰ দিয়াত উপস্থিত হয় বনকৰ্মী। হাতীটোক বনকৰ্মীয়ে খেদি খেদি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাতীটোক পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
