বাক্সা, ২১ জুন (হি.স.)। বাক্সাৰ শালবাৰীত আজি ১১ সংখ্যক আন্তৰ্জাতিক যোগা দিৱস উদযাপনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। মুখ্যমন্ত্ৰীক সংগ দিয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি বিটিআৰৰ কেবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ আদিয়ে। যোগা দিৱসৰ কাৰ্যসূচীত প্ৰায় ২ সহস্ৰাধিক ৰাইজৰ অংশগ্রহণ। যোগাশন কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
