বাক্সা, ২৮ ডিছেম্বৰ (হি.স.): বাক্সাৰ এলেঙামাৰীত বুধবাৰে নিশা ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। এলেঙামাৰী চ’ক উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত তৃতীয় বাৰ্ষিক অধিৱেশন ও সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত সংঘটিত হয় এই ঘটনা।
অৱশ্য়ে কি কাৰণত এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে এতিয়াও জানিব পৰা হোৱা নাই ঘটনাৰ কাৰণ। দুগৰাকী যুৱকক উপৰ্যুপৰি আক্ৰমণ একাংশ লোকৰ। ঘটনাক কেন্দ্র কৰি অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
