বাক্সা, ৩০ অক্টোবৰ (হি.স.)।এফালে লক্ষ্মীপূজাৰ আনন্দ, আনফালে বন্যহস্তীৰ তাণ্ডৱ। বন্যহস্তীৰ বৃহৎ জাকে এগৰাকী মহিলাৰ ঘৰটো ভাঙি তচনচ কৰাত হিয়া ঢাকুৰি কান্দিছে মহিলা গৰাকীয়ে।
বাক্সাৰ থালকুছীত নিশা বনৰীয়া হাতীৰ বৃহৎ জাকৰ উপদ্ৰৱ। এগৰাকী মহিলাৰ সপোনৰ ঘৰটো ভাঙি পেলালে বনৰীয়া হাতীৰ বৃহৎ জাকটোৱে। কোনো মতে বনৰীয়া হাতীৰ আক্ৰমনৰ পৰা প্ৰাণ ৰক্ষা মহিলা গৰাকীৰ।
মহিলা গৰাকীৰ লগতে গাওখনৰ আন চাৰিটা পৰিয়ালৰ ঘৰ দুৱাৰ ভঙাৰ লগতে কৃষকৰ পকা ধান খাই তহিলং কৰে বনৰীয়া হাতীৰ জাকটোৱে।
প্ৰতিদিনে নিশা বনৰীয়া হাতীৰ জাক আহিলে জুই জ্বলাই বনৰীয়া হাতীৰ জাকটো খেদাৰ চেষ্টা কৰে ৰাইজে।হাতীৰ ভয়ত নিশা উজাগৰে কটালে থালকুছী বাসী ৰাইজে।
প্ৰতিদিনে ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে কৃষক ৰাইজৰ ধানখেতি ,কলগছ, তামোলৰ বাগান আদি খাই তহিলং কৰে।কিন্তু বনৰীয়া হাতীৰ জাকটো খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
