বজালী, ১০ ডিচেম্বৰ (হি.স.)। বজালীৰ কায়স্তপাৰাত অঘটন। নিৰ্মিয়মান আট্টালিকাত কাম কৰি থাকোতে শ্ৰমিকৰ মৃত্যু। চাটাৰিংৰ বাহ উঠাই থাকোতে বাগৰি পৰি মৃত্যুক আকোবালি লয় শ্ৰমিক জনে।
শ্ৰমিক গৰাকীৰ ঘৰ বেচকুচিত নাম গোলাপ দাস (৪০)বুলি জানিব পৰা গৈছে। শ্ৰমিক গৰাকীক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
