কামৰূপ, ২৭ ডিচেম্বৰ (হি.স.): কামৰূপ জিলাৰ বকোৰ ছমৰীয়াত যোৱা কালি শুকুৰবাৰে বিয়লি মহিলাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উদ্যামিতাৰ আঁচনিৰ পৰা বঞ্চিত হোৱাক লৈয়ে মহিলাসকলে এই প্ৰতিবাদ কৰে। ছমৰীয়াৰ ৰাম সৰাস্বতী খেল পথাৰত উদ্যামিতা আঁচনিৰ পৰা বঞ্চিত প্ৰায় পাঁচ শতাধিক মহিলাই কৰে এই প্ৰতিবাদ।
ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় পাঁচ শতাধিক মহিলাই বাদ পৰে উদ্যামিতা আঁচনিৰ পৰা। ইয়াৰ বিপৰীতে সোণতলী চৰ অঞ্চলত প্ৰায় সংখ্যক মহিলাই লাভ কৰে এই উদ্যামিতা আঁচনিৰ ধন। নিজৰ প্ৰাপ্য আঁচনিৰ ধন বিচাৰি কালি বিয়লি এনেদৰে ওলাই আহিল বঞ্চিত মহিলাসকলে। প্ৰতিবাদী মহিলা সকলে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়। লগতে কাৰ ভুলৰ বাবে বঞ্চিত হ’বলগীয়া হ’ল সেই বিষয়ে উচিত তদন্ত বিচাৰিছে মহিলাসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
