
কোকৰাঝাৰ, ২৫ ডিচেম্বৰ (হি.স.): বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হত্যা হিংসাৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ এগৰাকী হিন্দু যুৱকক বৰ্বৰভাবে হত্যা কৰা ঘটনাৰ প্ৰতিবাদ তথা হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত ফকিৰাগ্ৰামত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
ফকিৰাগ্ৰামত যোৱাকালি বুধবাৰে সন্ধিয়া সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কোকৰাঝাৰ জিলা কমিটিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰী সকলে বাংলাদেশ অন্তৱৰ্তী চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতীকী পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে৷ তদুপৰি প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
