কোকৰাঝাৰ, ০৩ জুলাই (হি.স.): কোকৰাঝাৰৰ পৰ্বতঝোৰাত পুনৰ নৃশংস কাণ্ড সংঘটিত হৈছে। আংগাৰকাটাৰ ৰে’ল পথৰ দাঁতিত যোৱাকালি বুধবাৰে সন্ধিয়া এগৰাকীক বৃদ্ধাক হত্যাৰ চেষ্টা চলায় দুৰ্বৃত্তৰ দলে।
বৃদ্ধা গৰাকী শিঙিমাৰী গাঁওৰ আব্দুল আজিজ বুলি পৰিচয় পোৱা গৈছে । বৃদ্ধাগৰাকী মূমূৰ্ষ অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কোনে কিয় এই নৃশংস কাণ্ড সংঘটিত কৰিলে এতিয়াও জানিব পৰা নাই। ইতিমধ্যে বগৰীবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
