লক্ষিমপুৰ, ৩০ নৱেম্বৰ (হি.স.): আগন্তুক নতুন বছৰত উজনিৰ উত্তৰ পৰীয়া ৰাইজে লাভ কৰিব এক বিশেষ উপহাৰ ৷ উত্তৰ পৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া এটি সপোন বাস্তৱায়িত হোৱাৰ পথত অগ্ৰসৰ হৈছে ৷ পূৰ্ণতা প্ৰাপ্তিৰ দিশে আগবাঢ়িছে নাৰায়নপুৰৰ মাধৱদেৱ বিশ্বাবিদ্যালয় ৷
সম্পূৰ্ণ হৈ উঠিছে গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মীত চৌহদ, প্ৰশাসনিক ভৱন, একাডেমিক ব্লক, অতিথিশালা, উপাচাৰ্য, পঞ্জীয়কৰ বাসভৱন আদি গৃহ সমূহ সম্পূৰ্ণ হৈ উঠিছে ৷ অহা ২৫ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মীত চৌহদ মুকলি কৰাৰ সম্ভাৱনা আছে ৷
বিশ্ববিদ্যালয় খনক লৈ এতিয়া সন্তষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজ, বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ সংগঠন । ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক গৰাকীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
