গোৱালপাৰা, ০৪ ডিচেম্বৰ (হি.স.)। পূব গোৱালপাৰা সিধাবাৰীত কালি নিশা সংঘটিত হৈছে মৰ্মান্তিক আৰু দুখ বিদাৰক ঘটনা। পানী খোৱা কুৱাত আত্মহনন নাছিৰ নামৰ এগৰাকী ২২ বছৰীয়া যুৱক। উক্ত ঘটনাই অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে সন্ধিয়া ৬ বজাত নাছিৰ আলী নামৰ যুৱক জন হঠাৎ ঘৰৰ ওচৰত থকা প্ৰায় ৫০ ফুট পানী খোৱা কুৱাত জাপ মাৰে ।
পিছে পিছে তেওঁৰ ঘৈনীয়েকে উক্ত কুৱাত জাপ মাৰে। এই ঘটনা কেইজনে প্ৰত্যক্ষ কৰাত ঘৰ খনত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশ। চিওৰ বাখৰ শুনি ৰাইজে ঘটনা স্থলীত উপস্থিত হয় আৰু ৰচিৰে দুয়োগৰাকী ব্যক্তিক কুৱাৰ পৰা উঠাই লৈ আহে। পিছে সংকটজনক অৱস্থাত নাছিৰক মাটিয়া চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰন কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঘটনাস্থলীত মাটিয়া আৰক্ষীয়ে উপস্থিত হৈ নাছিৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পাৰিবাৰিক কন্দলে এনেদৰেই আত্মহননৰ ঘটনা সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
