গুৱাহাটী, ২৫ ডিছেম্বৰ(হি.স.)। মহানগৰীত আৰক্ষীৰ নিৰাপত্তাক ভেঙুচালী কৰি চিলনী চোৰে এটাৰ পিছত এটা অঘটন সংঘটিত কৰি আহিছে। সোমবাৰে পুৱা পৱিত্ৰ বৰদিনৰ দিনাই পথচাৰীৰ পৰা মোবাইল ফোন এটা কাঢ়ি নিয়ে চিলনী চোৰে । ঘটনাটো সংঘটিত হৈচে মহানগৰীৰ অনিল নগৰত।
বন্ধুৰ সৈতে ভৰলুৰ পাৰে পাৰে মোবাইলত কথা পাতি খোজ কাঢ়ি গৈ থকা অৱস্থাত অঞ্চলটোৰ বাসিন্দা আনিচৰ পৰা দুজন চিলনী চোৰে মোবাইলটো কাঢ়ি নিয়ে। এখন বগা স্কুটিত অহা দুজন চিলনী চোৰে মোবাইলটো কাঢ়ি নিৰ্বিঘ্নে অঞ্চলটোৰ পৰা আতৰি যাবলৈ সক্ষম হয়। ভুক্তোভোগী আনিচে পিছত গীতা নগৰ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰে।
হিন্দুস্থান সমাচাৰ /ৰমেন/মনোজ
