
নলবাৰী, ০৫ নৱেম্বৰ (হি.স.): নলবাৰীৰ পাঠশালা ৰাস মহোৎসৱ যোৱা কালিৰে পৰা ১৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে । কালি সন্ধিয়া জল আহৰণ কৰি আৰাম্ভ কৰা হয় ৰাস মহোৎসৱৰ কাৰ্য্যসূচী।
নামনি অসমত যিহেতু মৃণ্ময় মূৰ্তিৰে ৰাস মহোৎসৱ উদযাপন কৰা হয় এইবাৰো পাঠশালা ৰাস মহোৎসৱত প্ৰায় ৫০০ মৃণ্ময় মূৰ্তি থাকিব।ইফালে লেজাৰ লাইটৰ জৰিয়তে দেখুওৱা হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তথা ভুপেন হাজৰিকাক।
ৰাস মহোৎসৱ হৈছে এটা উদযাপন যাৰ মাধ্যমেৰে শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন কাহিনী উদযাপন কৰা হয়, বিশেষকৈ তেওঁৰ ৰাসলীলাৰ। এই উৎসৱটো অসম, বিশেষকৈ মাজুলী, নলবাৰী, হাউলী, আৰু পলাশবাৰীৰ দৰে স্থানসমূহত অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। এই সময়ত, বিভিন্ন সত্ৰসমূহত শ্ৰীকৃষ্ণৰ বন্দনা কৰা হয় আৰু এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
