গোলাঘাট, ১২ নৱেম্বৰ (হি.স.): গোলাঘাট জিলাৰ অন্তৰ্গত নুমলীগড়ৰ কাষৰীয়া পোৰাবাংলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ সন্ত্ৰাস বিৰাজ কৰে। ঘাইপথত যোৱা কালি মঙলবাৰে সন্ধিয়া দৌৰাই দৌৰাই মানুহ খেদিছে বনৰীয়া হাতীয়ে। পোৰাবাংলাৰ ৰাষ্ট্ৰীয় ঘাইপথত দেখিবলৈ পোৱা যয এই দৃশ্য়া ।
ইফালে হাতীক খেদি পঠিয়াবলৈ কেউফালে মানুহৰ হৈ হাল্লা কৰিবলৈ ধৰে। এক ভয়ংকৰ পৰিৱেশ বিৰাজ কৰে। আনহাতে ঘাইপথ পাৰ হৈ হাতী সোমাল পোৰাবাংলাস্থিত মৰঙি উন্নয়ন খণ্ডৰ চৌহদত । কেউফালে এক আতংকময় হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। বহু সময়ৰ অন্তত হাতী কাষৰ পথাৰত নামি যোৱাৰ পিছতহে পৰিস্থিতি শান্ত হয় ।
উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ’ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা, আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
