ধুবুৰী, ২৮ নৱেম্বৰ (হি.স.)। নীতি বহিৰ্ভূত ভাবে চলিছে গংগাধৰ নদীৰ খনন, চৰকাৰে লাখ লাখ টকা কৰৰ পৰা বঞ্চিত । ধুবুৰী বন বিভাগৰ নেতৃত্বত আৰু একাংশ দুষ্ট চক্ৰৰ ছত্ৰছায়াত চলিছে নদীৰ বুকুৰ পৰা শিল বালিৰ খনন । নিবিদা অবিহনে ধুবুৰী বন বিভাগৰ বিষয়াক মেনেজ কৰি দিনে নিশাই চলাইছে এই খনন কাৰ্য্য ।
ধুবুৰী জিলাৰ ছাগলীয়া, আলোকঝাৰী আৰু হাতীধুৰা বন কাৰ্য্যালয়ৰ অন্তৰ্গত গংগাধৰ নৈৰ বাঘডোকৰা, তামাৰহাট, কুমাৰগঞ্জ আৰু বিশেষকৈ কঠালতলি ঘাটত শ শ ইঞ্জিন চালিত নাওৰে চলাইছে এই খনন কাৰ্য্য । জানিব পৰা মতে পূৰ্বে নদীৰ পৰা উঠোৱা আৰু জব্দকৃত শিল বালি সমূহ বিক্ৰী কৰাৰ বাবে স্থানীয় কেইজন মান ব্যক্তিয়ে নিবিদা লাভ কৰে যদিও সেই নিবিদা অজুহাত দেখুৱাই চলাইছে নদীৰ খনন । এই ক্ষেত্ৰত বন বিভাগে গুৰুত্ব আৰোপ নকৰাত নদীৰ বুকুৰ পৰা প্ৰতিদিনে হেজাৰ হেজাৰ চি এম শিল বালি খনন কৰাত লাখ লাখ টকা চৰকাৰে কৰৰ পৰা বঞ্চিত হবলগা হৈছে । এই ক্ষেত্ৰত বাৰে বাৰে বন বিভাগক জনোৱাৰ পিছতো বন বিভাগে চকু মুদা কুলিৰ ভাও ধৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
