নলবাৰী, ০৪ জুলাই (হি.স.)। সাংসদ ৰকিবুল হুছেইন যোৱা কালি বৃহস্পতিবাৰে নিশা নলবাৰীত উপস্থিত হয় ৷ নিশা ১০ বজাত নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আশোক শৰ্মাৰ বাসগৃহত গোপন বৈঠকত অংশগ্ৰহণ কৰে ৰকিবুল হুছেইনে ৷ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সাংসদ ৰকিবুল হুছেইনৰ এই বৈঠক।
ইফালে নিশা ১০ বজাত অশোক শৰ্মাৰ বাসগৃহত উপস্থিত হোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। এই বৈঠকত সাংসদ ৰকিবুল হুছেইনৰ লগতে বৰপেটা বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল ৰহিম, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জয়প্ৰকাশ দাস, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দিব্যজোতি হালৈৰ অংশগ্ৰহণ কৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
