নলবাৰী, ২৯ অক্টোবৰ (হি স)। নলবাৰীত এটি মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সন্ধা ডাকঘৰৰ সমীপত উদ্ধাৰ হৈছে চিন্ন ভিন্ন মৃতদেহ। নিশা দ্ৰুতবেগী গাড়ীৰ খুণ্ডাত মৃত্যু ঘটাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে। প্ৰাতঃভ্ৰমণত যোৱা লোকসকলে আজি প্ৰত্যক্ষ কৰে চিন্ন ভিন্ন মৃতদেহ।
ঘটনা সন্দৰ্ভত স্থানীয় লোকে গাঁওপ্ৰধানক অৱগত কৰোৱাত গাঁওপ্ৰধানে নলবাৰী আৰক্ষীক খবৰ দিয়ে। উল্লেখ্য যে যোৱা নিশা কোনো গাড়ীৰ খুণ্ডাত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকসকলে। অসাবধানবশতঃ মৃতদেহৰ ওপৰৰে বহুতো বাহন চলাচল হৈ থকাত চিন্ন ভিন্ন হৈ পৰে মৃতদেহ। ফলত স্থানীয় লোকে মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই ৷ আৰক্ষীৰ তদন্তৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব ৷ এনে শোকাবহ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
