নলবাৰী, ০৬ নৱেম্বৰ (হি.স.): নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত যোৱা কালি বুধবাৰে সন্ধিয়া ৯২ সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ শুভ উদ্বোধন কৰা হয়।উদ্বোধনীৰ দিনাই লোকে লোকাৰণ্য হৈ পৰে নলবাৰী ৰাসস্থলী।
৯২ সংখ্যক নলবাৰী ৰাস ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই ৫২ ফুট ওখ গীতাৰ, টুপী আৰু প্ৰতিমূৰ্তি প্ৰদৰ্শন কৰা হৈছে। ৰাসলৈ অহা প্ৰতিগৰাকী দৰ্শকে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব শিল্পী গৰাকীক। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত যোৱা কালিৰে পৰা অৰ্থাৎ ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ চলিব ৯২ সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ।শৰতৰ পূৰ্ণীমাৰাত্ৰি অতি বিতোপন ৰাসক্ৰীড়া কৰিবেক কৃষ্ণৰ ভৈলা মন। শৰতৰ স্নিগ্ধ জোনাক নিশা ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ লগত আৰম্ভ কৰিছিল ৰাসক্ৰীড়া। সেয়ে শৰতৰ পূৰ্ণিমাত ৰাস উৎসৱ উদযাপন কৰা হয়।
প্ৰতিবছৰৰ দৰে নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত পুৱাৰে পৰা আৰম্ভ হয় ৯২সংখ্যক ৰাসমহোৎসৱ। পুৱা ধৰ্মীয় পতাকা উত্তোলনৰে আৰম্ভ হোৱা ৰাস মহোৎসৱ খনি বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক অনুষ্ঠান জাক জমকতাৰে ১৩ দিনীয়া কাৰ্যক্ৰমণিকাৰে ১৭ নবেম্বৰলৈ চলিব ৰাস মহোৎসৱৰ অনুষ্ঠান। কালি সন্ধিয়া বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয় ড০বাবুল দাসে মুখ্য দ্বাৰ উন্মোচন কৰে। নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা সাংস্কৃতিক সোভাযাত্ৰাৰে অভ্যাগত সকলক হৰিমন্দিৰ লৈ আদৰি অনা হয়।
নলবাৰী হৰিমন্দিৰ ৰাসমহোৎসৱ মৃন্ময় মূৰ্ত্তি প্ৰধান যদিও সাংস্কৃতিক অনুষ্ঠানত জীৱন্ত ৰাস প্ৰদান কৰা হ’ব। বিশেষকৈ পাঁচখন কৈ ভ্ৰাম্যমাণ থিয়েটাৰে নাটৰ প্ৰদৰ্শন কৰা হ’ব। লগতে সমগ্ৰ ৰাজ্যত প্ৰদৰ্শিত ভ্ৰাম্যমান দল সমূহৰ মাজত অঘোষিত প্ৰতিযোগিতা চলাব বুলি ৰাস পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
