নগাঁও, ১৯ ডিছেম্বৰ (হি.স.): নগাঁৱৰ ৰূপহীহাটৰ কাঞ্চনপুৰত সোমবাৰে নিশা এক অমানৱীয় কাণ্ড সংঘটিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত যুৱকৰ ওপৰত মৰেল পুলিচিঙৰ ঘটনা ঘটে কাঞ্চনপুৰ গাঁৱত। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী দুই যুৱক। ইফালে দুৰ্ঘটনাত আহতদ্বয়ক সহায় কৰাৰ বিপৰীতে গছত বান্ধি মাৰপিট কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।
প্ৰাপ্ত তথ্য়মতে, কাঞ্চনপুৰৰ হেমকান্ত মাষ্টাৰৰ ঘৰৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাত আহত যুৱক দুজনক হেমকান্ত মাষ্টাৰৰ নেতৃত্বত গছত বান্ধি উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। আঘাতপ্ৰাপ্ত যুৱক মুক্তাৰ হুছেইনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাই যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেল খন থানালৈ লৈ যোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দুৰ্ঘটনাগ্ৰস্ত লোকক সহায়ৰ বিপৰীতে মৰেল পুলিচগিৰী কৰা কাণ্ডৰ উচিত তদন্ত ক্ৰমে দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালৰ লোকসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
