নগাঁৱ, ১৭ আগষ্ট (হি.স.)। নগাঁৱৰ মহ’খুলিত উত্তপ্ত পৰিস্থিতি। ড্ৰাগছ মাফিয়া মইনুল হকৰ ঘৰ ভাঙি দিছে, মহখুলিৰ স্থানীয় ৰাইজে। মহখুলিকে ধৰি নগাঁৱৰ বিভিন্ন স্থানত মইনুল হক নামৰ কুখ্যাত ড্ৰাগছ মাফিয়াজনে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ চলাই আহিছিল। এই ক্ষেত্ৰত ৰাইজে প্ৰশাসনক অবগত কৰিছিল যদিও সু ফল লাভ কৰা নাছিল।
দেওবাৰ স্থানীয় ৰাইজ ক্ষোভিত হৈ মইনুল হকৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে দুখনকৈ দোকান ভাঙি দিয়ে। ঘটনাস্থলীত নগাঁও আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে। অঞ্চলটোত ৰাইজে বৰ্তমানেও ড্ৰাগছ বিচাৰি অভিযান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
