নগাঁও, ৩০ ডিচেম্বৰ (হি.স.)। নগাঁৱৰ জলাহ গাঁৱত বন্যহস্তীৰ ভয়ংকৰ উপদ্ৰৱ। বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিজন লোক।
আহত লোককেইজনক ক্ৰমে পংকজ শইকীয়া ,ভাইটি শইকীয়া আৰু তুলসী শইকীয়া বুলি জানিব পৰা গৈছে। ইফালে আহত লোককেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
আনহাতে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল দুটা গো ধনৰ। ঘন কুঁৱলীৰ বাবে বন্যহস্তীৰ অৱস্থিতি বৰ্তমান পৰ্যন্ত ধৰিব পৰা নাই
বৰ্তমানলৈ পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ দল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
