
নগাঁও, ০৩ নৱেম্বৰ (হি স)। নগাঁও জিলাৰ কচুৱা শিমলুগুৰিত যোৱানিশা আৰক্ষীৰ অভিযান চলে ৷ অভিযানত গাঞ্জা সহ এজন লোকক আটক কৰা হয় ৷ আটকাধীন লোকজন শিমলুগুৰিৰ আমিৰ আলী বুলি পৰিচয় পোৱা গৈছে ৷
আৰক্ষীয়ে ধৃত লোকজনৰ পৰা ডেৰ কেজি গাঞ্জা জব্দ কৰে ৷ অভিযোগ অনুসৰি দীৰ্ধদিন ধৰি গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ধৃত আমীৰে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
