নগাঁও, ০৪ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে নগাঁও জিলা ছাত্ৰ সন্থাই। নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে।
অসমৰ পৰা বাংলাদেশী, মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰাপায়েনেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে। অনশন কাৰ্যসূচী ৰূপায়ন কৰে। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক কা’ৰ আওঁতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আতঁৰত ৰখাৰ বাবে সকিয়াই দিয়ে। অনশন কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় বিত্ত সম্পাদক গৌৰী শংকৰ শইকীয়া, জিলা সভাতি সীমান্ত বৰাৰ লগতে আছুৰ কৰ্মকৰ্তা সকলে অংশ গ্ৰহণ কৰে।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
