নগাঁও, ১৭ ছেপ্টেম্বৰ (হি.স.)। নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচনৰ বিশ্বকৰ্মা পূজা উদযাপন l হৰিনাম আৰু পুৰোহিতৰ মন্ত্ৰোধ্বনিৰে মুখৰ কলঙৰ পাৰ l
নগাঁও জিলাৰ সদৰস্থ সাংবাদিক সমাজৰ অন্যতম প্ৰতিষ্ঠান নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচনৰ উদ্যোগতো আজি বিস্তৃত কাৰ্যসূচীৰে শিল্পৰ দেৱতাৰ আৰাধনাৰ উৎসৱ বিশ্বকৰ্মা পূজা উদযাপন কৰা হয় । পুৱা পুৰোহিতৰ মন্ত্ৰোধ্বনি, ঢাকৰ শব্দ, হোম-যজ্ঞৰে পূজা সমাপন হোৱাৰ পাছত বকুলতল হালোৱাগাঁৱৰ অৰুণোদয় শিল্পী সমাজে প্ৰায় তিনিঘণ্টা ধৰি দিহানাম পৰিৱেশন কৰে । ইয়াৰ পাছতে ভক্তগণৰ মাজত পূজাৰ নিৰ্মালি, প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয় । সন্ধিয়ালৈ বন্তি প্ৰজ্বলনৰ জৰিয়তে বিশ্বকৰ্মা পূজাৰ কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটিব ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
