
ধেমাজি, ১৪ জানুৱাৰী (হি.স.): ৰাজ্যজুৰি অসমীয়া প্ৰাণৰ হেপাঁহৰ ভোগৰ উৎসৱক লৈ ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে ধেমাজি সমন্বয় সংঘৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও জাতি -বৰ্ণ -ধৰ্ম নিৰ্বিশেষে ভোগালী বিহু উদযাপন কৰাৰ বাবে ধেমাজি ময়দানত মাঘী উৎসৱ আয়োজন কৰিছে ৷
এফালে ধেমাজি কাছাৰী ময়দানত বিভিন্ন অনুষ্ঠান চলি থকাৰ মাজতে ভোগালী বিহুৰ বাবে যোৱা ৭ জানুৱাৰীৰ পৰা দিনে -নিশাই কাঠ -বাঁহ আৰু ধানৰ নৰা সংগ্ৰহ কৰি ভেলা ঘৰ আৰু মেজি নিৰ্মাণ কৰি ভোগালী বিহু উদযাপনৰ বাবে সাজু হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
