–উদ্ধাৰ অভিযান অব্যাহত
ধুবুৰী, ১৫ অক্টোবৰ (হি.স.): ধুবুৰী ৰেলৱে ষ্টেচনৰ কাষতে লাগি থকা পুখুৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা খেলি থকা অৱস্থাত পুখুৰীত পৰিল সুভম ৰায় নামৰস ১০ বছৰ বয়সীয়া এটি শিশু ৷
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে কালি আবেলি চাৰি বজাৰ পৰা সন্ধানহীন হৈ আছিল শিশুটি। প্ৰত্যক্ষদৰ্শীয়ে পুখুৰীৰ সন্মুখত দেখা পোৱা বুলি পৰিয়ালক জনোৱাৰ পাছতে নিশা এচডিআৰএফ বাহিনীৰ দ্বাৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ দ্বিতীয় শ্ৰেণীত পঢ়ি থকা শিশুটিৰ ঘৰ গোলকগঞ্জত । শিশুটিক ডাক্টৰক দেখুৱাবৰ বাবে আত্মীয়ৰ ঘৰত আহিছিল বুলি জানিব পৰা গৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
