
ধুবুৰী, ২৭ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ ফকিৰগঞ্জত ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে। শীতকালৰ সময়তেই গৰাখহনীয়াৰ ভয়ংকৰ তাণ্ডৱেই নৈপৰীয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
ফকিৰগঞ্জত ভয়াৱহ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই, গৃহহীন হৈ পৰিছে বহু পৰিয়াল। ধুবুৰী জিলাৰ ফকিৰগঞ্জ বচাইমাৰী ধপানপাৰা অঞ্চলত শীতকালতো প্ৰচণ্ড নদী খহনীয়া অব্যাহত আছে। প্ৰতিদিনে নদীৰ গৰ্ভত বিলীন হৈ গৈ আছে এটা পিছত এটা বাসগৃহ আৰু খেতিপথাৰ, বাট- পথ। নিজৰ সপোনৰ ঘৰ নিজেই ভাঙি স্থানান্তৰ কৰিবলগীয়া হৈছে৷ খহনীয়াৰ ফলত অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈছে। খহনীয়াৰ তাণ্ডৱত সাধাৰণ ৰাইজে দৈহিক জীৱন যাপন কৰাত গভীৰ সমস্যাৰ সন্মুখীন হৈছে। কি শিক্ষা ,কি স্বাস্থ্যসেৱা সকলোৰে পৰা বঞ্চিত হব লগা হৈছে ৷ আৰ্থিক সংকটত পৰিছে ভুক্তভোগী সকল শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মাজত আতংক আৰু হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, নিৰ্বাচনৰ সময়ত কুলি চৰাইৰ দৰে আহি প্ৰতিশ্ৰুতি দি যোৱা জন প্ৰতিনিধিসকল নিমাত ৷ দীৰ্ঘদিন ধৰি খহনীয়াৰ সমস্যাই জুৰুলা কৰি আছে যদিও আজিলৈকে কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজে। এই ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক ফকিৰগঞ্জলৈ আহিবলৈ দাবী জনোৱাৰ লগতে খহনীয়াৰ চিৰস্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰি ক্ষতিগ্ৰস্ত পৰিয়ালক পুনসংস্হাপন, যাতায়ত সুব্যৱস্থাৰ বাবে চৰকাৰৰ তৎপৰতাৰো দাবী কৰিছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
