ধুবুৰী, ১১ ছেপ্টেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক নিলম্বনৰ দাবীত আক্ৰাছুৰ প্ৰতিবাদ। যোৱা নিশা গোলকগঞ্জত আৰক্ষীৰ বৰ্বৰতাৰ কাণ্ডত পিছতে আক্ৰাছুৱে ঘোষণা কৰিছিল ১২ ঘন্টীয়া ধুবুৰী জিলা বন্ধৰ | বন্ধৰ সময় ছোৱাত বিলাসীপাৰা আৰু সাপটগ্ৰামত উত্তাল প্ৰতিবাদ | ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাকামাত পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ |ইফালে জিলা আক্ৰাছুৰ নেতৃত্বত সাপটগ্ৰামতো পথৰ ওপৰত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছু নেতা কৰ্মীয়ে | অসম আৰক্ষী হায় হায়, আৰক্ষী অধীক্ষক লীনা দলে হায় হায়, অসম চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে সাপটগ্ৰামৰ মুল পথ |
উল্লেখ্য যে কালি সন্ধিয়াৰ ভাগত গোলকগঞ্জত আক্ৰাছুৱে জোৰ সমদল কৰিছিল। জোৰ সমদলক বাধা প্ৰদান কৰিব লৈ গৈ আৰক্ষী, চি আৰ পি এফে বীৰত্ব প্ৰদৰ্শন কৰি জপিয়াই পৰিছিল প্ৰতিবাদকাৰীৰ ওপৰত, লাঠি চালনা কৰাৰ পিছত গুৰুতৰ ভাবে আহত হৈছিল কেইবা গৰাকীও প্ৰতিবাদ কাৰী ।
আৰক্ষী আৰু চিআৰপিএফৰ লাঠি চালনাৰ ফলত মহিলা সহ অৰ্ধ শতাধিক আক্ৰাছু নেতা আঘাত প্ৰাপ্ত হৈ চিকিৎসাধীন হবলগীয়া হয়।
অসম আৰক্ষীৰ এনে বৰ্বৰতাৰ বাবে আজি ধুবুৰী জিলা বন্ধৰ সময় ছোৱাত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোই | ইয়াৰ পিছতো যদি ধুবুৰী জিলা আৰক্ষী অধীক্ষক লীনা দলেক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন নকৰিলে ধুবুৰী জিলা জ্বলাই দিয়াৰ হুংকাৰ আক্ৰাছু নেতাৰ |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
