
ধুবু, ১৭ জুলাই (হি.স.): ধুবুৰী চহৰৰ ১১ নং ৱাৰ্ডত উচ্ছেদৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে। ধুবুৰীত বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল শ, শ হিন্দু লোক। যোৱাকালি বুধবাৰে সন্ধিয়া চহৰ খনৰ ১১ নং ৱাৰ্ডত থকা মা-কালি মন্দিৰৰ সন্মুখত একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।
বিজেপি হায় হায় ধ্বনিৰে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। কালি ধুবুৰী প্ৰশাসন তথা পৌৰসভাৰ এটি দলে ক্ষেত্ৰ পৰিদৰ্শন কৰি মাটি বাৰী খালি কৰাৰ নিৰ্দেশ দিয়াত আতংকিত হৈছে ৰাইজ । উল্লেখ্য যে – নিৰ্মিয়মান ধুবুৰী-ফুলবাৰী দলঙৰ পৰা ধুবুৰী জাহাজ ঘাট লৈকে পথ নিৰ্মাণ কৰা হ’। পথটো নিৰ্মাণৰ বাবে ১১ নং ৱাৰ্ড বাহাদুৰটাৰীৰ বহু লোকৰ ঘৰ বাৰী উচ্ছেদৰ বাবে প্ৰস্তুতি চলাইছে প্ৰশাসনে। লগতে আছে এটা ৮০ বছৰ পুৰণি কালী মন্দিৰ । ঘৰ মন্দিৰ ভাঙিব লাগিব বুলি মৌখিক ভাবে প্ৰশাসনৰ ফালৰ পৰা জনোৱাৰ পিছতেই আতংকিত হৈ ৰাজপথলৈ ওলাই আহিল এই সকল লোক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
