
গোলাঘাট, ২৬ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ জেলেহুৱা গাঁও নামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে। এই উপলক্ষত ভক্তিৰসেৰে মুখৰিত হৈ পৰিছে দেৰগাঁৱৰ জেলেহুৱা গাঁও নামঘৰৰ চৌপাশ।
বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শঙ্কৰদেৱৰ আৰ্বিভাৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন । এক আধ্যাত্মিক পৰিবেশৰ চৌদিশে। ভক্তিৰসেৰে মুখৰিত হৈ পৰিছে অঞ্চলটোৰ চৌপাশ। পূৱা জাগৰণ, প্ৰাতঃপ্ৰসংগ, গছপুলি ৰোপণ, স্মৃতি তৰ্পন আৰু ধৰ্মধ্বজা উত্তোলনৰ লগতে উত্তোলন কৰা হয় পঞ্চাশ খন পতাকা।
হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু সুধাকণ্ঠলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে নামঘৰৰ মূল তোৰন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী অমল ভৰালীয়ে । বিয়লি বৰগীত, প্ৰাৰ্থনা আৰু সংলাপ প্ৰতিযোগিতাৰ লগতে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিক দিহা নাম প্ৰতিযোগিতা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
