গোলাঘাট, ২৫ নৱেম্বৰ (হি.স.)। দেৰগাঁৱৰ দক্ষিণ দলিজলীয়া চকলাঘাট বিষ্ণুজ্যোতি নাট্য মন্দিৰত ৰাস আয়োজক সমিতিয়েও ৰাস উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি হাতত লৈছে।অহা ৮ আৰু ৯ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ৰাস লীলা।
অঞ্চলটোৰ জীয়াৰী বোৱাৰী সকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত।ৰাসৰ দুদিনীয়া কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি তথা সু-দিহা পৰামৰ্শ একান্তভাৱে কামনা কৰিছে আয়োজক সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
