বাক্সা, ০১ নৱেম্বৰ (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান। জীৱ জন্তুৰ মুক্ত বিচৰণ আৰু প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ মানাহলৈ আহে দেশী বিদেশী পৰ্যটক। যোৱা ১ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি হোৱাৰ পিছতে ভিৰ বাঢ়িছে পৰ্যটকৰ। মানাহলৈ আগমন ঘটিছে দেশী বিদেশী পৰ্যটকৰ।
পৰ্যটকসকলে মুক্ত মনে উপভোগ কৰিছে জীৱ জন্তুৰ মুক্ত বিচৰণ আৰু প্ৰকৃতিৰ মনোমোহা দৃশ্য। বিদেশৰ আমেৰিকা, জাৰ্মানীকে ধৰি কেবাখনো দেশৰ লগতে ভাৰতৰ পৰ্যটকসকলে এইবাৰ মানাহলৈ আহি বাঘ, হৰিণ, ম”হ, গঁড়, বাইচন, হাতী, সোণালী বান্দৰ আদি জীৱ জন্তুৰ মুক্ত বিচৰণ দেখি আপ্লুত হৈ পৰিছে। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে জীৱ জন্তুৰ সংখ্যা। আনহাতে পৰ্যটকৰ আগমনে মানাহৰ কাষৰীয়া ল”জ সমূহে নিজৰ নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈও সক্ষম হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/আলোক.
