
তামুলপুৰ, ২৯ অক্টোবৰ(হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা অনুষ্ঠিত হৈ আহিছে। জিলা খনৰ বিভিন্ন প্ৰান্তৰ লগতে দলংপাৰত বাৰোৱাৰী শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ এইবাৰ ৰূপালী জয়ন্তীৰ আজি পুৱা স্বচ্ছ অভিযান, নিত্য নৈমিত্তিক পূজা অৰ্চনা, পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পিছতেই আজিৰ বিশেষ অনুষ্ঠান বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
আজি দুপৰীয়াৰ ভাগত বৃহত্তৰ অসমীয়া জাতিৰ কেইবাটাও জনগোষ্ঠীয় নৃত্য গীতৰ লগতে নাগাৰা নামৰ তালে তালে উলিওৱা এই বিশেষ বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই উদ্বোধনী সভা আৰু স্মৃতি গ্ৰন্থ উন্মোচন তথা সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব বুলি দলংপাৰ বাৰোৱাৰী শ্ৰীশ্ৰীলক্ষ্মী পূজা উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
