তামুলপুৰ, ০৪ ডিছেম্বৰ (হি স)। ৰাসৰ আনন্দৰ মাজতে তামুলপুৰ জিলাৰ নাগ্ৰিজুলীত বনৰীয়া হাতীৰ উপদ্ৰৱ চলিব ধৰিছে। খাদ্যৰ সন্ধানত ভাওৰাগুৰি, কুম্ভীজাৰ আদি গাঁৱত বন্য হস্তীৰ যাকে এফালৰ পৰা চলাইছে তাণ্ডৱ। একাংশ কৃষকৰ তামোলৰ বৃহৎ বৃহৎ বাগান খাই ভাঙি পেলোৱাৰ লগতে লাও, আলু, বিভিন্ন পাচলিৰ খেতি অনিষ্ট কৰাৰ উপৰিও জাকটোৱে পথাৰত কৃষকৰ পকা ধান খায়ো তহিলং কৰিছে।
ইফালে জাকটোৰ সন্মুখত পৰা কৃষকৰ মাটি চপোৱা ট্ৰেক্টৰো ভাঙি কৰিছে ক্ষতিগ্ৰস্ত। ওৰে নিশা হাতী খেদিব লগা হৈছে গঞাই। প্ৰতি নিশাই তামুলপুৰৰ উত্তৰাঞ্চলত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ। বন বিভাগৰ লোকে জাকটোক বৰনদীৰ পূব দিশে খেদি পঠিয়াছিল যদিও পুনৰ এই সমূহ অঞ্চলত প্ৰৱেশ কৰি চলাইছে উপদ্ৰৱ। নিৰুপাই হৈছে বন বিভাগৰ লোকেও। ইপিনে জাকটোৰ ওপৰিও নিশা অকলশৰীয়া বনৰীয়া হাতী এটাও গাঁও অঞ্চলত প্ৰৱেশ কৰি এক আতংকময় পৰিৱেশ সৃষ্টি কৰি আহিছে।ইয়াৰে এটা জাকে বৰনদীৰ আশে পাশে দিনটো আশ্ৰয় লৈ নিশা নাগ্ৰিজুলীৰ বিস্তীৰ্ণ অঞ্চলৰ কৃষি ভূমিত প্ৰৱেশ কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
