হুৰাহুৰে হ্ৰাস পাইছে গাহৰি মাংসৰ মুল্য
তামুলপুৰ, ১২ নৱেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান ছোৱাইন ফিভাৰৰ কবলত পৰি ইতিমধ্যে বহু গাহৰি নিধন কৰিবলগীয়া হোৱাৰ ফলত বহুকেইগৰাকী পশুপালক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বামুনঝাৰ, গুৰমৌ, শিমলাবাৰী, ঔগুৰি, টাৰিপাৰা, ক্ষুদ্ৰ ঝাৰকোনা, ঘোগমাৰী, বিলপাৰকে আদি কৰি ১৩ খন গাঁওত এই মাৰাত্মক আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰা বুলি তামুলপুৰৰ ৰাজ্যিক পশু চিকিৎসা বিভাগে জানিবলৈ দিয়ে।
তামুলপুৰৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসা বিষয়া দিপ্তী দাসে জনোৱা মতে বৰ্তমানলৈ জিলাখনত প্ৰায় ১০০টা গাহৰি এই আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত মৃত্যু হোৱাৰ বিপৰীতে ৪০০ তকৈ অধিক গাহৰি পশু চিকিৎসালয়ত আনুষ্ঠানিকভাৱে নিধন কৰা হৈছে। জানিব পৰা মতে জিলাখনৰ বহু লোকে নিজৰ গাহৰি ফাৰ্মৰ বহু গাহৰি পশু চিকিৎসালয়ত জনোৱাৰ বিপৰীতে নিজাকৈ নিধন কৰি গাত খান্দি পুতি পেলায়। উল্লেখ্য যে জিলাখনত হোৱা আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত গাহৰি মাংসৰ মুল্য ৪০০ টকাৰ বিপৰীতে ১০০/১৫০ টকালৈ হ্ৰাস পায়। ইপিনে জিলাখনত হোৱা আফ্ৰিকান ছোৱাইন ফিভাৰৰ পৰিপ্ৰেক্ষিতত তামুলপুৰৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ তৰফৰ পৰা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কালাকুছি, তেতেলিগুৰী, বৰখোপা, বৰখাটা, কতাহবাৰী, দলংপাৰ আদি বিভিন্ন স্থানত সজাগতামূলক কৰ্মশালা ৰূপায়িত কৰিছে। এই আফ্ৰিকান ছোৱাইন ফিভাৰৰ কবলত পৰা অঞ্চলৰ এক কিলোমিটাৰলৈ ৰেডিয়াছ ইনফেক্টেড এলেকা আৰু দহ কিলোমিটাৰলৈ চাৰ্ভিলেঞ্চ এলেকা হিচাপে ধৰি তামুলপুৰৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ তৰফৰ পৰা পশুপালক সকলক সজাগ সচেতন হবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
