কাৰ্বি আংলং, ০৮ আগষ্ট (হি.স.): পূৱ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ডেনগাঁৱত ২০০০ বৰ্ষৰ ৩ জুলাইত স্থাপিত ডেনগাঁও নামঘৰটো প্ৰতিষ্ঠাৰ ২৫ বছৰ পূৰ্ণ হোৱাৰ ক্ষণত বৰ্ষজোৰা কাৰ্যসূচীৰে তিনিটা পৰ্যায়ত আয়োজিত ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ প্ৰস্তুতি চলোৱা হৈছে। ইতিমধ্য়ে ৩ আৰু ৪ জুলাই , ২০২৫ ত হৈ যোৱা প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ সফল সামৰণিৰ পাছতেই অহা ১৭ আগষ্টৰ পৰা দ্বিতীয় পৰ্যায়ত মাহজোৰা কাৰ্যসূচীৰে দিহানাম ও তিথি সমুহ পালনৰ লগতে শিশু, যুৱ আৰু আইমাতৃ সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ দিহা কৰা হৈছে ৷
ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী অনুসৰি ১৭ আগষ্টত পুৱা ৯ বজাত মূল ধৰ্মধ্বজা উত্তোলন কৰিব ডেনগাঁও নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কনক মেছে আৰু ৰূপালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰিব ডেনগাঁও নামঘৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি জীৱন চন্দ্ৰ পাটৰে ৷ পুৱা ১১ বজাত নামঘৰৰ নৱনিৰ্মীত মূল তোৰণ উদ্ধোধন কৰা হ’ব ৷ ২৩ আগষ্টত পুৱা ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা , পুৱা ১১—৩০ মিনিটত কুইজ প্ৰতিযোগিতা আৰু বিয়লি ৪ বজাত আইসকলৰ মাজত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ ২৪ আগষ্টত পুৱা ১০ বজাত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হ’ব ৷ ৩০ আগষ্টত পুৱা ১০ বজাত কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু বিয়লি এক বজাত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ ৩১ আগষ্টত পুৱা ১০ বজাত আনুষ্ঠান —প্ৰতিষ্ঠানৰ মুৰব্বী, গ্ৰামবৃদ্ধ আৰু জ্যেষ্ঠ নাগৰিক সকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷
একেদৰে ৫ ছেপ্তেম্বৰত পুৱা ১০ বজাত শিক্ষক দিৱস পালন কৰা হ’ব ৷ ৬ ছেপ্তেম্বৰত পুৱা ১০ বজাত ৰচনা প্ৰতিযোগিতা আৰু পুৱা ১১—৩০ বজাত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ ৭ ছেপ্তেম্বৰত পুৱা ১০ বজাৰ পৰা দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ ১৩ ছেপ্তেম্বৰত পুৱা ১০ বজাত বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ৷ ১৪ ছেপ্তেম্বৰত পুৱা ১০ বজাৰ পৰা জন্মাষ্টমী তিথি পালন কৰা হ’ব ৷ কাৰ্যসূচীৰ শেষৰ দিনা অৰ্থাৎ ১৮ ছেপ্তেম্বৰত পুৱা ১০ বজাত বঁটা বিতৰণী ও সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ সেয়েহে ৰূপালী জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীতে আপোনাসৱ মহামহন্তৰ সজ দিহা পৰামৰ্শ, সহায় সহযোগ ও যোগদান আন্তৰিকতাৰে কামনা কৰি উৎসৱ ভাগি সাফল্যমণ্ডিত কৰি তুলিবলৈ সশ্ৰদ্ধ সেৱা ধৰিছে আয়োজক সমিতিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
