ডিব্ৰুগড়, ০৮ অক্টোবৰ (হি.স.): জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত ডিব্ৰুগড়ত যোৱা কালি মঙ্গলবাৰে সন্ধিয়া মম শিখা সমদল বাহিৰ কৰা হয়। বিধায়িনী দলৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই এই সমদলত অংশগ্ৰহণ কৰে আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্থূল মন্তব্য আৰু তেওঁ ৰাজনীতি কৰা বুলি উল্লেখ কৰি ক্ষুৰধাৰ সমালোচনা কৰে।
জুবিনৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ বাবে কংগ্ৰেছে ৰাজ্যজুৰি সজোৰে দাবী কৰিব বুলিও মন্তব্য কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিনৰ কফিনৰ অসমীয়াৰ স্বাভিমান গামোচাখন ওপৰত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় নিজস্ব গামোচাৰ পৰিবৰ্তে বড়ো জনজাতীয় গামোচাখন দিয়াৰ আঁৰত কেৱল বিটিচি নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ ৰাজনীতি জড়িত আছিল বুলি উল্লেখ কৰে।
মম শিখা সমদলত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পবণ সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনকে ধৰি প্ৰায় পাঁচ শতাধিক দলীয় কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
