–উপস্থিত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা
–২০২৬ ত তৃণমূল কংগ্ৰেছৰ চৰকাৰ হলে হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পত্নীৰ অবৈধ সম্পত্তি বাজেয়াপ্ত কৰি জনসাধাৰণক ঘূৰাই দিম: ৰিপুন বৰা
ডিব্ৰুগড়, ২৬ নৱেম্বৰ (হি.স.): ডিব্ৰুগড়ৰ পেঞ্চনাৰ ভৱনত যোৱাকালি আবেলি অসম তৃণমূল কংগ্ৰেছৰ এখন বৰ্দ্ধিত কাৰ্যনিবাহক সভা অনুষ্ঠিত হয়। এই বৰ্দ্ধিত কাৰ্যনিবাহক সভাত অংশগ্ৰহণ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই শাসনাধিস্থ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।
প্ৰসংগত তেখেতে উল্লেখ কৰে যে ২০২৬ ত তৃণমূল কংগ্ৰেছৰ চৰকাৰ হলে হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পত্নীৰ অবৈধ সম্পত্তি বাজেয়াপ্ত কৰি জনসাধাৰণক ঘূৰাই দিয়া হ’ব। ৰজা যেতিয়া বেপাৰী হয় প্ৰজা তেতিয়া ভিক্ষাৰী হয়,, বিজেপি চৰকাৰ সূচীয়াৰ, জাতি মাটি গুছি গ’ল মামা মামী ৰজা হ’ল আদি বিভিন্ন শ্লোগানেৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
