ডিব্ৰুগড়, ২৭ জুন (হি.স.)। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু জিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া ৰ মাজত বুজা-বুজিৰ চুক্তি সম্পন্ন । ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু জিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া ( জি এছ আই) ৰ মাজত আজি এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় চৰকাৰৰ কয়লা আৰু খনি মন্ত্ৰনালয়ৰ উদ্যোগত গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হোৱা ছেকেণ্ড নৰ্থ ইষ্ট মাইনিং মিনিষ্টাৰছ কনক্লেভ ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সকলো কয়লা আৰু খনি মন্ত্ৰীৰ উপস্থিতিত এই চুক্তি পত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ স্বাক্ষৰ প্ৰদান কৰে পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে।
জিএছআই ৰ হৈ এই চুক্তি-পত্ৰত স্বাক্ষৰ প্ৰদান কৰে সংস্থাটোৰ শ্বিলংস্থিত উত্তৰ পূব ক্ষেত্ৰৰ ( এন ই আৰ) উপ-সঞ্চালক প্ৰধান ড° এচ কে কুলশ্ৰেষ্ঠই । উল্লেখ্য যে এই বুজা-বুজি চুক্তিৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু জিএছআই ৰ মাজত শৈক্ষিক আৰু গৱেষণামুলক কাৰ্যসূচীত দুয়োপক্ষৰ সহযোগিতা প্ৰাপ্তিক লক্ষ্য হিচাপে লোৱা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে জনোৱা অনুসৰি এই চুক্তিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ আৰু শিক্ষক সমাজক প্ৰভূত উপকাৰ সাধন কৰিব।এই সহযোগিতাই ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু জি এছ আই এ উমৈহতীয়া আগ্ৰহৰ ক্ষেত্ৰত অধ্যাপক আৰু বিজ্ঞানীসকলৰ বিনিময়ৰ লগতে সহযোগিতামূলক গৱেষণাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰী আৰু জি এছ আই ৰ পেছাদাৰী ভূ-বিজ্ঞানীসকলৰ মাজত পাৰস্পৰিক ভিত্তিত চিনাক্তকৃত ক্ষেত্ৰসমূহত পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু সহযোগিতাৰ প্ৰসাৰ ঘটাব। এই চুক্তি অনুসৰি জি এছ আই আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ভূ-বিজ্ঞানৰ বহল ক্ষেত্ৰ আৰু পাৰস্পৰিক আগ্ৰহৰ অন্যান্য ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ পাৰস্পৰিকভাৱে সন্মতি প্ৰকাশ কৰে। যৌথ গৱেষণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক যিমান সম্ভৱ ক্ষেত্ৰ নিৰ্দেশনা আৰু নমুনাৰ প্ৰয়োজন হয়, তেওঁলোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুৰোধ অনুসৰি গৱেষণামূলক কাম সম্পূৰ্ণ কৰিবলৈ জি এছ আইএ সম্ভৱপৰ সকলোধৰণে সহায় আগবঢ়াব। একেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পৰীক্ষাগাৰ, পুথিভঁৰাল আৰু কাৰিকৰী সহায়ৰ বাবে যৌথ গৱেষণা কাৰ্যসূচীত জি এছ আই ক সম্ভৱপৰ সকলো সহায় আগবঢ়াব।
জি এছ আই আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে যৌথভাৱে উমৈহতীয়া স্বাৰ্থৰ গৱেষণা প্ৰকল্প প্ৰণয়ন কৰিব আৰু জি এছ আইএ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলক তেওঁলোকৰ চলি থকা অন্বেষণ কাৰ্যসূচীত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিব।সংক্ষেপে এই বুজা-বুজিৰ চুক্তিৰ অধীনত ভূ-মানচিত্ৰণ, গাঠনিক বৈশিষ্ট্য, টেকটনিক্স আৰু জিঅ’ মডেল গঠন, ভূমিস্খলনৰ মানচিত্ৰণ আৰু বিপদ বিশ্লেষণ, ক্ষুদ্ৰ ভূমিকম্প পৰ্যবেক্ষণ আৰু মাইক্র’-জ’নেছন অধ্যয়ন, চেডিমেন্টেৰী ভূবিদ্যা, পেট্ৰ’লজি আৰু ভূ-কালনিৰূপণ, খনিজ অনুসন্ধান আৰু উত্তোলন গৱেষণা, হাইড্ৰ’জেন আৰু ভূ-তাপীয় শক্তি গৱেষণা, গ্ৰহীয় ভূবিদ্যা, জলবায়ু ভূবিজ্ঞানৰ ক্ষেত্ৰত যৌথ গৱেষণা সহযোগিতাৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰা হৈছে।
স্মতব্য যে এই বুজা-বুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালৰ লগতে প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ মুৰব্বী প্ৰাধ্যাপক তাপস কুমাৰ গোস্বামী আৰু তৈল প্ৰযুক্তি বিভাগৰ মুৰব্বী প্ৰাধ্যাপক প্ৰদীপ বৰগোঁহাই উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
