কাৰ্বি আংলং, ০৬ ডিচেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ ডিফু মেডিকেল কলেজ হস্পিতালত এক অঘটন সংঘটিত হৈছে। চিকিৎসাধীন ৰোগীৰ হস্পিতালতে আত্মহনন। ৰোগীজন কাৰ্বি আংলঙৰ ডকমকাৰ কলমছিং ৰংফাৰ (২৮) বুলি পৰিচয় পোৱা গৈছে।
উল্লেখ্য় যে সাধাৰণ আঘাতৰ বাবে কলমছিং ৰংফাৰক ৩০ নৱেম্বৰত ডিফু মেডিকেল কলেজ হস্পিতাল (DMCH)ৰ শৈল্য বিভাগত ভৰ্তি কৰোৱা হৈছিল। যুৱকজনক শনিবাৰে হস্পিতালৰ পৰা য়াবলৈ (Release) দিয়াৰ কথা আছিল। শুকুৰবাৰে সন্ধিয়া হস্পিতালৰ প্ৰসাৱগাৰলৈ গৈ আত্মহনন কৰে যুৱকজনে। চিকিৎসাধীন ৰোগীজনে ভাতৃৰ সৈতে প্ৰসাৱগাৰলৈ গৈছিল। ইতিমধ্যে খটখটি আৰক্ষীক অৱগত কৰি মৃতদেহটি চমজাই দিয়া হৈছে। আত্মহননৰ কাৰণ বৰ্তমান জানিব পৰা নাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
