
ডিব্ৰুগড়, ২৩ ডিছেম্বৰ, (হি.স.)। আজিৰ পৰা আৰম্ভ হৈছে টিংখাঙৰ পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান ৷ বিদ্যালয় খনৰ চৌহদত বিৰাজ কৰিছে এক উৎসৱ মুখৰ পৰিবেশে। বৃহত্তৰ টিংখাং অঞ্চলৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰিছিল ১৯৬৮ চনত। সেই সময়ৰ বহু কেইজন আলোকসন্ধানী ব্যক্তিৰ অলেখ কষ্ট আৰু ত্যাগৰ বিনিময়ত গঢ় লৈ উঠা বিদ্যালয় খনে সগৌৰৱে অতিবাহিত কৰিলে ৫০ টা বৰ্ষ। এনে গৌৰৱময় ক্ষণত বিদ্যালয় খনে আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে সোণালী জয়ন্তী সমাৰোহ।
পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে বৰ্ণাঢ্য সামৰণী অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী শুভাৰম্ভ হয়। বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক কৃষ্ণ শইকীয়াই। সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী বিমল বৰাই। অন্য ৪৯ খন পতাকা উত্তোলন কৰে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ ৪৯ গৰাকী বিশিষ্ট ব্যক্তিয়ে। অনুষ্ঠানৰ দুয়োটা দিনৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ সমূহ ন-পুৰণি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰী, অভিভাৱক তথা শিক্ষানুৰাগী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বিদ্যালয় কৰ্তৃপক্ষ তথা উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ/নাৰায়ণ/ৰমেন/মনোজ
