বিশ্বনাথ, ২৫ জুলাই (হি.স.)। জামুগুৰিহাটত নিশা প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতি। জামুগুৰিহাটত টুপিয়াত প্ৰকাণ্ড প্ৰকাণ্ড গছৰ লগতে বৈদুৎতিক খুটা উভালি পৰিছে পথত। সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে টুপিয়া-বালিজুৰি সংযোগী পথ। অঞ্চলটোত ব্যাহত হৈছে বৈদুৎতিক সেৱা।
কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে গোহালী ঘৰত গছ উভালি পৰাত কথমপি প্ৰাণ ৰক্ষা পৰে পশুধনৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
